Show/Hide Keyboard Layout

বাৰিষাৰে ঘন ঘোৰ

- জ্যোতিপ্ৰসাদ আগৰৱালা

বাৰিষাৰে ঘন ঘোৰ

বজালি প্ৰাণত মোৰ

কিনো উদাসীন সুৰ ?

পৱন অ’ উৰুৱাই তাক

নিবিনো কত দূৰ ?

 

শূইন জীৱন অ’ মোৰ

উটি যাৱ কোন ফালে

কোন আকুলতে পাবি কুল ?

 

আকাশ পৱন জোৰা

একেখনি ছবি অ’

কৰি থ’বি মোৰ এই

জীৱনকে বিয়াকুল ।।

Hits: 1724